প্ৰকৃতিৰ প্ৰেম Assamese Poem
প্রভাতী সূৰুযৰ হেঙুলী বহণে
কৰিলে ধুনীয়া বিনন্দীয়া ধাৰা।
উন্মন হ’ল সেউজীয়া গছ-বন
তগৰ, নাহৰ, গোলাপ বকুলে বিলালে সুবাস
আশাৰ সঞ্চাৰ হ’ল, দ্বিধা আঁতৰিল।
বাছকবনীয়া চৰাই জাকে উৰিছে উলাহত
ৰূপ-লাৱন্যৰ চুমা পৰশে জুৰালে পৰাণ।
সৌৱা, পাহাৰ ৰাজিৰ অপূর্ব শোভাই
কৰিছে বলিয়া ক’ত শতজনক।
নিজৰা বইছে শিলৰ দলিছাত
প্ৰকৃতিৰ কি যে অপূৰ্ব ৰূপ।
দুৱাৰদলিত জ্বলিছে বন্তি সুৰ সমন্বয়ত
প্ৰকৃতিৰ প্ৰেম অগণিত,
আজি জ্বলিছে ধৰণী
ৰিক্ত হৃদয় পৰাগে পালে যে, পূর্ণ সঁহাৰি।