Search
Search

Assamese Love Quotes 20+ অসমীয়া লাভ কোটস

Assamese love quotes are a beautiful way to express the deepest emotions of love and affection in the mellifluous Assamese language. Rooted in the culture and traditions of Assam, these quotes often capture the simplicity and purity of relationships.

Some Assamese Love Quotes in 2025

অসমীয়া ভাষাত ভালপোৱাৰ অনুভৱ প্ৰতিফলিত কৰে কাব্যিক শব্দ আৰু গভীৰ ভাবনাৰ মাধ্যমে। অসমীয়া প্ৰেমৰ উক্তিসমূহত থাকে মনক স্পৰ্শ কৰা মিঠাস, হৃদয়ৰ গভীৰ আবেগ, আৰু নিখুঁত এক অনুভূতিৰ প্ৰকাশ। Assamese Love Quotes.

মোক ক’তো বিচাৰি নাপাবা।
বিষন্ন দুপৰীয়া বায়নাত আয়না হৈ গ’লে
তুমি কি সেইদিন ক’ন্দিবা? ক’ন্দিবা নেকি?
ক’ন্দিব নালাগে, তুমি মোৰ হেৰাই যোৱাৰ কথা মানি লবা, ঠিক আছে?
মানুহৰ হেৰাই যোৱাৰ বেদনাটো বুকুৰ গভীৰত পুই থোৱা নাযায়।
জানিবা, মানুহ হেৰাই যোৱাৰ বেদনাৰ কথাবোৰ
আগুন নোহোৱাকৈয়ে পোৰাই মাৰে!

মানুহ নাকি হেৰাই গ’লে বিচাৰি ফুৰে, মানুহজন ভিতৰৰ পৰা কেনেকুৱা আছিল বুজিবলৈ চেষ্টা কৰে।
এদিন দেখা পাবা মই আৰু নাই! হেৰাই গ’লোঁ।
আকাশত নাই, বতাহত নাই! পানীত নাই, ডাঙৰিত নাই।
চৰাইৰ পাখিৰ পালকৰ দৰে তোমাৰ অৱহেলাৰ কাষত পৰি থকা সকলৰ মাজতো মই নাই।

ফেচবুকত, হোৱাটছএপত, ইমুত, ইনষ্টাগ্ৰামত, টুইটাৰত মই তোমাৰ ক’তো নাই!
তোমাৰ পথত নাই, পত্ৰত নাই।
কোনো টিভি সংবাদপত্ৰত অজ্ঞাত নামৰ শিৰোনামতো নাই।
খবৰ কাকতত বিজ্ঞাপনৰ মাজতো নাই।

মাজ সমুদ্ৰত ডুবি যোৱা জাহাজৰ দৰে ডুবি গ’লোঁ। হেৰাই গ’লোঁ, যি দৰে পানীৰ ভিতৰত ল’বণ বা চেনিৰ দানা হেৰাই যায়।
বতাহত যি দৰে উধাও হৈ যায় হাৱাই মিঠাই, নাইবা দুধৰ ভিতৰত যি দৰে পানী মিশ্ৰিত হৈ হেৰাই যায়, ঠিক সেইদৰে মইও হেৰাই গ’লোঁ।

Assamese Love Quotes 20+

মোৰ কেৱল তোমাক চাবলৈ মন যায়, জগতত দেখিবলৈ বহু সুন্দৰ সুন্দৰ প্ৰাচৰ্য্য আছে সেই সকলোৱে মোক এনেকৈ নাটানে যেনেকৈ টানে তোমাৰ চাদ মুখটো দেখিবৰ ।

যি সকলো দেখাৰ অসুখ, সেই সকলো তোমাৰ মুখখনত আহি জড়সড় হৈ কলকলাই উঠে।
চাতক পক্ষী যিদৰে তৃষ্ণাত বুৰ গৈ বৃষ্টিৰ পানীৰ বাবে আকাশলৈ চাই থাকে,
ঠিক তেনেকৈ মইও দেখাৰ এই অসুখ লৈ তোমাৰ পথৰ দিশেই পথিক হৈ বহি থাকো।

কেই দিন তোমাক নেদেখিলে, অনুভৱ হয় বুকুৰ ভিতৰটো কেনেকৈ যেন আৰৱ মরুভূমিৰ প্ৰান্তৰ হৈ যায়।
চকুদুটা অদেখাৰ অসুখত তৃষ্ণাতুৰ হৈ উঠে।

এ জোপা গছ মৃত্যুৰ আগত যিদৰে আউলাই উঠে, তেনেকৈ মোৰ মনটোও আউলাই উুঠিছে।
এটি পুলি লগোৱাৰ পাছত যিদৰে নতুনকৈ বাঁচি উঠাৰ বাবে পানীৰ প্ৰয়োজন হয়,
ঠিক তেনেকৈ দিনৰ আৰম্ভণিতে তোমাক দেখাৰ তৃষ্ণাই বায়না ধৰে।

প্ৰিয় মানুহজনক নেদেখিলে দেহৰ মৃত্যু নহয়, কিন্তু মন মৰি যায়।
আৰু মন মৰি গলেহ, মানুহজন জীৱন্ত লাশ হৈ যায়, কিন্তু সেই মৰাৰ কথা বেলেগ মানুহে কেতিয়াও গম নাপায়।

মোক সাত দিন নেদেখি যিজনী মানুহ লবণ লগোৱা জোকৰ দৰে ছটফট কৰিছিল,
সেই মানুহ জনী আজি সাত বছৰ ধৰি বেলেগ কারোবাৰ বাবে ৰুপ চৰ্চা কৰে।
যি মানুহৰ লগত অলপ ধমকৰ স্বৰে কথা ক’লে ঠোঁট বেঁকা কৰি কান্দিছিল,
সেই মানুহ জনী এতিয়া বেলেগ কাৰোবাৰ কথাত হাঁহে,
সেই ঠোঁটত এতিয়া চুমুৰ আধিপত্য বিস্তাৰ বেলেগ কোনো এজনৰ।

গোটেই জীবন “মোৰ” “মোৰ” বুলি যি মুখত ফেনা তুলিছিল,
মৃত্যুৰ সময়তো সঙ্গী হ’ব বুলি যি মানুহ প্ৰতিজ্ঞা কৰিছিল,
সেই মানুহজনী মোৰ বেকাৰত্বক দোষ দি,
অন্য কাৰোবাৰ হাতত নিজকে সঁপিবলৈ দুবাৰো ভাবা নাছিল।

আৰু এতিয়া তোমালোকে মোক ভালপোৱাৰ কথা কবলৈ আহিছা!
ভালপোৱা শিকাবলৈ আহিছা।
আৰে, তেজৰ সম্পর্কৰ বাহিৰে ভালপোৱা বুলি পৃথিৱীত একো নাই।
যি আছে, সেয়া মাথোঁ স্বাৰ্থৰ সৈতে স্বাৰ্থৰ বেপাৰ।

Facebook
Twitter
WhatsApp

Related Post

1 thought on “Assamese Love Quotes 20+ অসমীয়া লাভ কোটস”

Leave a Comment