Search
Search

ভোৰবেলাত আচমকা পেটৰ যন্ত্ৰণাত টোপনি ভাগি পৰে? হজমৰ সমস্যাটো কমিব, ঘৰোৱাকৈ তৈয়াৰ কৰা এই পানীয় খালে ওজনো নিয়ন্ত্ৰণত থাকিব।

🌟 ভুল খাদ্য গ্ৰহণ কৰিলে হজমৰ সমস্যা হবই। দিনজোৰা অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত বদহজম হয়, গেছ আৰু অম্বলৰ সমস্যা দেখা দিয়ে। বহু সময়ত স্বাস্থ্যকৰ খাবাৰো অধিক পৰিমাণে খাই পেলালে পেটৰ গণ্ডগোল বৃদ্ধি পায়। স্বাভাৱিকভাৱে, অধিক ৰাতি বা ভোৰৰ সময়ত পেটৰ অসুবিধা আৰু যন্ত্ৰণাৰ ফলত টোপনি ভাগি পৰে। বহু লোকৰ মেটাবলিজম ধীৰগতি বা দুৰ্বল হয়, যাৰ ফলত হজমৰ সমস্যাটো বাঢ়ে। সেইৰ সৈতে ওজনো বৃদ্ধি পায়। খাবাৰ খোৱাৰ পিছত পেটৰ যন্ত্ৰণা আৰম্ভ হওয়া—এয়া বহুজনৰ সমস্যাৰ উৎস। খাবাৰ খোৱাৰ পিছত পেট ফুলা, গেছ-অম্বল, আৰু পেটৰ অসুবিধা আদি সমস্যাৰ পৰা মুক্তি দিব পাৰে এই ঘৰোৱাকৈ তৈয়াৰ কৰা পানীয়। কিদৰে তৈয়াৰ কৰিব পাৰি জানক!

হজমৰ সমস্যাটো কমিব

সচপেনত দু কাপ পানী লওক। ফুটিবলৈ ধৰিলে এ টুকুৰা আদা থেঁতো কৰি তাত যোগ কৰক। তাৰ পিছত এ চামুচ জিৰা যোগ কৰক। ভালদৰে ১০ মিনিটমান জপিয়াই লওক। অলপ ঠাণ্ডা হ’লে চেঁকি লওক। খাবলৈ যাওঁতে এক চামুচ নিমুৰ ৰস মিহলাই পুৱা খালী পেটত খাই লওক। টানা ২০ দিন এই পানীয় খালে আপোনাৰ হজমৰ সমস্যা দূৰ হোৱাৰ লগতে ওজনো তাড়াতাড়ি কমিব।

আদাত থকা গুন সমুহ লক্ষ কৰক

আদাৰ মাজত এন্টি-ইনফ্ল্যামেটৰিৰ গুণ থাকে, যি বদহজমৰ সমস্যা দূৰ কৰাত সহায় কৰে। পেট ভৰ্তি খোৱাৰ পিছত গৰম পানীত আদা জপিয়াই খাব পাাৰে, বুকু জ্বলা আৰু পেটৰ ফোলাভাবৰ পৰা মুক্তি দিয়ে। জিৰাই দেহৰ বিপাকৰ গতি বৃদ্ধি কৰে। ই দেহৰ অধিক চর্বি অক্সিডাইজেশনৰ জৰিয়তে শক্তিত পৰিণত কৰে আৰু হজমৰ প্ৰক্ৰিয়াত সহায় কৰে। ফলস্বৰূপ, তীব্ৰ গতিত ওজন হ্ৰাস হয়।

ডায়াবেটিক ৰোগীও নিশ্চিন্তে খাব পাৰে এই জিৰা ভিজোৱা পানী। জিৰাত থকা কিউমিনালডিহাইড ইনচুলিনৰ উদ্দীপক হিচাপে কাম কৰে, যাৰ ফলত ৰক্তত চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। সেইকাৰণে জিৰা ভিজোৱা পানী খালে ডায়াবেটিক ৰোগীয়েও সুস্থ থাকিব। ইয়াৰ উপৰি, জিৰা ভিজোৱা পানীয় দেহত জমা হোৱা সকলো প্ৰকাৰৰ বিষাক্ত পদাৰ্থ (টক্সিন) দূৰ কৰাত সহায়ক।

লেবুৰ ৰস ভিটামিন চি’ত পৰিপূৰ্ণ

লেবুৰ ৰস ভিটামিন চি’ত পৰিপূৰ্ণ। ই দেহত এটা প্ৰাকৃতিক অ্যান্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই ক্ষত সুস্থ কৰিবলৈ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ, কোলাজেন উৎপাদন কৰিবলৈ আৰু ছালৰ সমস্যা কমাবলৈ সহায় কৰে। ইয়াৰ উপৰি, ই কোষক ক্ষতিৰ পৰা সুৰক্ষিত ৰাখিবলৈ সহায়ক।

Facebook
Twitter
WhatsApp

Related Post

Leave a Comment